Show/Hide Keyboard Layout

অ’ মোৰ সুৰৰে ডিঙৰা

- মিন্টু কুমাৰ নাথ

অ’ মোৰ সুৰৰে ডিঙৰা

বৈ যা-বৈয়ে যা দূৰ সীমনা ...

সাঁচতীয়া মোৰ সুৰৰ কৰণি

সাঁচতীয়া মোৰ সুৰৰ কৰণি

ভটিয়াই ভটিয়াই যা ...

 

উজনিৰ শুকুলা-শুকুলা মেঘ,

আউলি-বাউলি মনৰ আবেগ ...

শব্দ বিচাৰি হ'লো হাহাকাৰ

সুৰৰ ব’ঠাও যে নাই ...

সুৰৰ ব’ঠাও যে নাই ...

সাঁচতীয়া মোৰ সুৰৰ কৰণি,

ভটিয়াই ভটিয়াই যা ...

 

নীলা-নীলা সাগৰ

সপোনে চুমেহি বাগৰ ...

বিৰিলি বিচাৰি,

তৰিলো পানচৈ ...

প্ৰাণৰ আবিৰো যে নাই

পৰাণৰ আবিৰো নাই ...

সাঁচতীয়া মোৰ সুৰৰ কৰণি

ভটিয়াই ভটিয়াই যা ...

Hits: 4492